| মহাবিদ্যালয় সংগীত | |
|---|---|
| ক্লান্ত ধূসৰ নগৰ কোণৰ প্ৰজ্ঞাৰ মহালয় | |
| পৰশ কাঠিৰে প্ৰসাৰিত কৰে | |
| মনৰ দিগবলয়। | |
| মহাতীৰ্থত গুঞ্জৰিত স্পৰ্শকাতৰ ধ্বনি | |
| বন্ধ কপাট উন্মুক্ত নিগৰিল সুৰধুনি | |
| নয়নে প্ৰাণে লালন কৰিলে স্বপ্ন মায়াময় | |
| স্তব্ধ হৃদয় সঞ্জীৱিত | |
| দগ্ধ পৰাণ উজ্জীৱিত | |
| সহযাত্ৰী আজি বাণিজ্য | |
| পৃথিৱী আলোকময় | |
| দ্ৰোণাচাৰ্য্যৰ প্ৰয়োগশালাৰ | |
| দিলে আধুনিক ৰূপ | |
| মহামনীষাৰ ধাৰাত বিলীন | |
| প্ৰাচীন ভগ্নস্তূপ | |
| ক্লান্ত ধূসৰ নগৰ কোণৰ প্ৰজ্ঞাৰ মহালয় | |
| শতজনে লৈ জ্ঞানৰ ৰশ্মি কৰিব দিগবিজয় | |
| আমাৰ কে চি দাস কমাৰ্চ কলেজ। | |
| সুৰ | ৰচনা |
| দামোদৰ বৰা | ডঃ বিৰিঞ্চি কুমাৰ মেধি |